YouVersion Logo
Search Icon

যাত্ৰা 22

22
22 অধ্যায়
1কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব। 2চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব। 3কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব।
চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চোৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব। 4চোৰে চুৰ কৰা গৰু, গাধ, বা মেৰ-ছাগ, যদি তেওঁৰ হাতত জীয়াই থকা পোৱা যায়, তেনেহ’লে তেওঁ তাৰ পৰিৱৰ্তে দুগুণ দিব লাগিব।
5কোনো লোকে যদি শস্য-ক্ষেত্ৰত বা দ্ৰাক্ষাবাৰীত পশু চৰায় বা নিজৰ পশু মেলি দিওঁতে যদি আনৰ পথাৰত গৈ চৰে, তেনেহ’লে তেওঁ নিজৰ পথাৰৰ উত্তম শস্য, বা নিজৰ দ্ৰাক্ষাবাৰীৰ উত্তম ফল দি ক্ষতিপূৰণ কৰিব লাগিব।
6জুই বিস্তাৰিত হৈ কাঁইটনিত লাগি যদি কোনো লোকৰ দমাই থোৱা শস্য, বা পথাৰৰ শস্য, বা পথাৰ গ্রাস কৰে, তেনেহ’লে যি জনে সেই জুই লগাবলৈ আৰম্ভ কৰিছিল, তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
7কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থ’বলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব। 8কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমান কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব। 9কোনো বস্তুৰ বাবে হোৱা সকলো বিবাদ, যেনে গৰু, গাধ, মেৰ-ছাগ বা কাপোৰ আদি যি কোনো হেৰোৱা বস্তুৰ বিষয়ে “এই বস্তু মোৰ” বুলি কোৱা দুয়ো পক্ষৰ লোক বিচাৰকৰ্ত্তাৰ ওচৰলৈ আহিব লাগিব। এই বিষয়ত বিচাৰকৰ্ত্তাই যিজনক দোষী সাব্যস্ত কৰিব, তেওঁ তেওঁৰ চুবুৰীয়াক তাৰ দুগুণ দিব লাগিব।
10কোনো লোকে যদি নিজৰ চুবুৰীয়াক এটা গাধ বা গৰু, বা মেৰ-ছাগ বা আন কোনো পশু ৰাখিবলৈ দিয়ে, আৰু কোনোৱে নেদেখাকৈ সেই পশু মৰে, বা আঘাত পায়, অথবা কোনোৱে যদি লৈ যায়, 11তেনেহ’লে মই চুবুৰীয়াৰ বস্তুত হাত দিয়া নাই, এই বুলি এজনে আন জনৰ আগত যিহোৱাৰ নামেৰে শপত খাব। পশুৰ গৰাকীয়ে সেই শপতত মান্তি হ’ব লাগিব; আৰু আন জনে তাৰ বাবে ক্ষতিপূৰণ দিব নালাগিব। 12কিন্তু যদি সেই পশু তেওঁৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে তেওঁ তাৰ গৰাকীক ক্ষতিপূৰণ দিব লাগিব। 13যদি কোনো জন্তুৱে সেই পশুটো ছিন্ন বিছিন্ন কৰি টুকুৰা কৰে, তেনেহ’লে আনজনে প্ৰমাণৰ বাবে পশুটোক আনিব লাগে। তেওঁ ছিৰা পশুৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
14কোনো লোকে যদি চুবুৰীয়াৰ কোনো পশু ধাৰত আনে, আৰু গৰাকী নথকা অৱস্থাত সেই পশুটোৱে আঘাত পায়, বা মৰে, তেনেহ’লে তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব। 15কিন্তু যদি গৰাকী পশুটোৰ লগত থাকে, তেনেহ’লে তেওঁ ক্ষতিপূৰণ দিব নালাগিব; পশুটো যদি ভাড়াত অনা হয়, তেনেহ’লে তাৰ বাবে ভাড়াৰ মূল্য দিব লাগিব।
16কোনো লোকে যদি তেওঁলৈ বাগ্দান নকৰা কুমাৰী যুৱতীৰ সৈতে শয়ন কৰে, তেনেহ’লে ইয়াৰ বাবে তেওঁ অৱশ্যেই যুৱতী গৰাকীৰ গা ধন দি তেওঁক নিজৰ ভাৰ্যা কৰি ল’ব লাগিব। 17যদি যুৱতী গৰাকীৰ পিতৃয়ে সেই লোকজনলৈ বিয়া দিবলৈ অসন্মত হয়, তেনেহ’লে তেওঁ যুৱতী গৰাকীৰ কুমাৰীত্বৰ গা-ধন অনুসাৰে ধন দিব লাগিব।
18তোমালোকে মায়াকৰ্ম কৰা সকলক জীয়াই থাকিব নিদিবা।
19পশুৰ সৈতে যৌন সম্পৰ্ক কৰা লোকক অৱশ্যে প্ৰাণদণ্ড দিয়া হ’ব।
20যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিঃশেষে বিনষ্ট হ’ব। 21তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
22তোমালোকে বিধৱা আৰু পিতৃহীন সন্তানক বেয়া ব্যৱহাৰ নকৰিবা। 23তেওঁলোকক যদি তোমালোকে কষ্ট দিয়া, আৰু তেওঁলোকে যদি মোৰ আগত কাতৰোক্তি কৰে, তেনেহ’লে মই যিহোৱাই অৱশ্যে তেওঁলোকৰ কাতৰোক্তি শুনিম। 24মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু মই তোমালোকক তৰোৱালেৰে বধ কৰিম। তোমালোকৰ ভাৰ্যাসকল বিধৱা, আৰু সন্তান সকল পিতৃহীন হ’ব।
25তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা। 26তোমালোকে যদি কেতিয়াবা তোমালোকৰ চুবুৰীয়াৰ পৰা কাপোৰ বন্ধকত লোৱা, তেনেহ’লে বেলি মাৰ যোৱাৰ আগেয়ে তাক ঘূৰাই দিব লাগিব। 27কাৰণ সেই কাপোৰখন তেওঁৰ একমাত্র গা ঢকা কাপোৰ; সেই খন নহ’লে তেওঁ কিহত শুব? তেওঁ যেতিয়া মোৰ আগত কাতৰোক্তি কৰিব, তেতিয়া মই তেওঁৰ কাতৰোক্তি শুনিম; কাৰণ মই দয়ালু।
28তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা।
29তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব। 30তোমালোকৰ গৰু আৰু মেৰ-ছাগৰ জাকৰ ক্ষেত্রতো সেইদৰেই কৰিবা। সেই পশুবোৰ সাত দিন নিজৰ মাকৰ লগত থাকিব, কিন্তু অষ্টম দিনা তোমালোকে সেইবোৰ মোক দিব লাগিব। 31তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ লোক হ’বা। সেয়ে পথাৰত জন্তুৱে ছিৰা ছিৰ কৰা যিকোনো মাংস তোমালোকে নাখাবা; তাৰ পৰিৱৰ্তে কুকুৰৰ আগত পেলাই দিবা।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in