2 বংশা 17
17
17 অধ্যায়
যিহোচাফটৰ ৰাজত্ব৷ দেশৰ উন্নতিলৈ তেওঁৰ চেষ্টা৷
1তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে। 2তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে।
3যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷ 4কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।
5এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল। 6তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।
7তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহয়িল, ওবদিয়া, জখৰিয়া, নথনেল আৰু মীখায়াক, যিকেইজন তেওঁৰ প্ৰধান লোক আছিল, তেওঁলোকক যিহূদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে৷ 8আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া,জবদিয়া,অচাহেল,চমীৰামোৎ,যিহোনাথন, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে। 9তাতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা-পুস্তকখন লগত লৈ যিহূদাত শিক্ষা দিবলৈ ধৰিলে৷ আৰু তেওঁলোকে যিহূদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে।
10তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে। 11আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে।
12এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল। 13যিহূদাৰ নগৰবোৰৰ মাজত তেওঁৰ অনেক যোগান আছিল আৰু যিৰূচালেমত তেওঁৰ পৰাক্ৰমী যুদ্ধাৰু বীৰ পুৰুষসকল আছিল।
14তেওঁলোকৰ পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ তালিকা এনে ধৰণে:
যিহূদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল;
আৰু তেওঁৰ লগত তিনি লাখ পৰাক্ৰমী বীৰপুৰুষ আছিল;
15তেওঁৰ পাছত যিহোহানন সেনাপতি আৰু তেওঁৰ লগত দুই লাখ আশী হাজাৰ লোক আছিল;
16তেওঁৰ পাছত নিজকে ইচ্ছামনেৰে উৎসৰ্গ কৰা জিখ্ৰীৰ পুত্ৰ অমচিয়া; তেওঁৰ লগত দুই লাখ পৰাক্ৰমী বীৰ পুৰুষ আছিল৷
17বিন্যামীনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা, তেওঁৰ লগত দুই লাখ ধনু আৰু ঢাল ধৰা লোক আছিল;
18আৰু তেওঁৰ পাছত যিহোজাবদ, তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা এক লাখ আশী হাজাৰ লোক আছিল৷ 19এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই যিহূদাৰ সকলো ফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল।
Currently Selected:
2 বংশা 17: IRVAsm
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.