মই তেওঁলোকক ক’লো, “আমি কেনে দুৰৱস্থাত আছোঁ, যিৰূচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে, আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়ে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ’বলৈ কোনো কাৰণ নাথাকিব।” মই তেওঁলোকক ইয়াকো ক’লো যে, “ঈশ্বৰৰ মঙ্গলময় হাত মোৰ ওপৰত আছে;” আৰু ৰজাই মোক যি কথা কৈছিল, সেই কথাও তেওঁলোকক জনালোঁঁ। তেওঁলোকে ক’লে, “আহক আমি নিৰ্ম্মাণ কাৰ্যৰ বাবে সাজোঁ হওঁহক।” সেয়ে তেওঁলোকে সেই উত্তম কাৰ্যৰ অৰ্থে নিজৰ হাত সবল কৰিলে।