আমি আপোনাৰ বিৰুদ্ধে বহুতো পাপ কৰ্ম কৰিলোঁ, আৰু আপুনি আপোনাৰ দাস মোচিক দিয়া আজ্ঞা, বিধি, আৰু শাসন প্ৰণালীবোৰ পালন নকৰিলোঁ।
বিনয় কৰোঁ, আপুনি আপোনাৰ দাস মোচিক আজ্ঞা কৰা বাক্য সোঁৱৰণ কৰক। আপুনি মোচিক কৈছিল, “যদি তোমালোকে অবিশ্ৱাসীৰ দৰে কাৰ্য কৰা, মই তোমালোকক দেশৰ মাজত ছিন্ন-ভিন্ন কৰিম, কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।