হিতো 24
24
24 অধ্যায়
1দুষ্ট লোকক ঈৰ্ষা নকৰিবা,
নাইবা তেওঁলোকৰ লগত থাকিবলৈ ইচ্ছা নকৰিবা;
2কাৰণ তেওঁলোকৰ হৃদয়ে অত্যাচাৰৰ চক্রান্ত কৰে,
আৰু তেওঁলোকৰ ওঁঠে সমস্যাৰ কথা কয়।
3প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়,
আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়।
4জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়,
লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
5সাহসী লোক বলৱান হয়,
কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
6সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা,
আৰু বহুতো উপদেষ্টাৰ সৈতে জয় লাভ হয়।
7অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়;
আৰু দুৱাৰত তেওঁ কথা কয়।
8তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে,
লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
9জ্ঞানহীন আঁচনি পাপ,
আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
10সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা,
তেনেহ’লে তুমি নিশকতীয়া#24:10 নিশকতীয়া বা ক্ষুদ্র শক্তিৰ গৰাকী।
11মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা,
আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
12তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।”
তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে?
আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে?
ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
13হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল,
আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
14তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে
তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে,
আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
15ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে,
তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা,
তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা।
16কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও,
তেওঁ পুনৰ উঠিব।
কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
17যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা,
আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
18কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব,
আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।
19কুকৰ্ম কৰা সকলৰ বাবে উদ্বিগ্ন নহবা,
আৰু দুষ্ট লোকক ঈৰ্ষা নকৰিবা,
20কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই,
আৰু দুষ্ট লোকৰ প্ৰদীপ নুমাই যাব।
21হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা।
তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
22কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব,
তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?
23এই সকলো জ্ঞানী লোকৰ বচন।
বিচাৰত পক্ষপাত কৰা উচিত নহয়।
24যি জনে দোষীজনক কয়, “তুমি নিৰ্দোষী হোৱা,”
তেওঁক মানুহে শাও দিব, আৰু দেশবাসীয়ে ঘিণ কৰিব।
25কিন্তু যিসকলে দুষ্টলোকক নিন্দা কৰে, তেওঁলোক আনন্দিত হ’ব,
আৰু তেওঁলোকলৈ ওপৰত উত্তম আশীৰ্ব্বাদ আহে।
26যিজনে সত্যতাত উত্তৰ দিয়ে,
তেওঁ ওঁঠক চুমা খায়।
27তোমাৰ বাহিৰৰ কাম প্রস্তুত কৰা,
আৰু নিজৰ বাবে মুকলি ঠাইত সকলো বস্তু যুগুত কৰা,
আৰু তাৰ পাছতহে তোমাৰ গৃহ নিৰ্মাণ কৰা।
28কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা;
আৰু তোমাৰ মুখেৰে প্ৰতাৰণা নকৰিবা।
29এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম;
তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”
30মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ,
জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ।
31চাৰিওফালে কাঁইটীয়া বন গজিছিল,
গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল,
আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল।
32তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ;
আৰু চালোঁ আৰু শিক্ষা পালোঁ।
33“অলপ টোপনি, আৰু অলপ টোপনি,
জীৰণি লবলৈ হাত সাৱটি থাকিলে,
34দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব,
আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।
Currently Selected:
হিতো 24: IRVAsm
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.