YouVersion Logo
Search Icon

যিহো 12

12
12 অধ্যায়
যিহোচুৱাই পৰাজয় কৰা ৰজাসকলৰ তালিকা।
1বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
2চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷ 3আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ#12:3 অৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈকে, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
4ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷ 5তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
6যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
7চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে। 8ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
9ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা, 10যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, 11যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা, 12ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
13দবীৰৰ ৰজা, গেদৰৰ ৰজা, 14হৰ্মাৰ ৰজা, অৰাদৰ ৰজা, 15লিব্‌নাৰ ৰজা, অদুল্লমৰ ৰজা, 16মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
17তপ্পুহৰ ৰজা, হেফৰৰ ৰজা, 18অফেকৰ ৰজা, লচাৰোণৰ ৰজা, 19মাদোনৰ ৰজা, হাচোৰৰ ৰজা, 20চিম্ৰোণ-মৰোণৰ ৰজা, অক্‌চফৰ ৰজা,
21তানকৰ ৰজা, মগিদ্দোৰ ৰজা, 22কেদচৰ ৰজা, কৰ্মিলত থকা যক্‌নীয়ামৰ ৰজা, 23দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা 24অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷

Currently Selected:

যিহো 12: IRVAsm

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in