YouVersion Logo
Search Icon

হোচ 1

1
1 অধ্যায়
1যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
হোচেয়াৰ পৰিয়াল
2হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
3সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।
4তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল#1:4 অর্থ হ’ল, “ঈশ্বৰে উদ্ধাৰ কৰে।” ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।#1:4 যিজ্ৰিয়েল নগৰত যেহূৱে ইস্রায়েলৰ ৰজা আৰু ৰাজপৰিয়ালৰ সকলো সদস্যকে বধ কৰিছিল। আৰু তেওঁ নতুন নিয়ম প্রবর্তন কৰিছিল (2ৰজাৱলী অধ্যায় 1-10) 5সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।”
6পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা#1:6 অর্থ হ’ল, “দয়াৰ পাত্র নহয়।” ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম। 7কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”
8লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে। 9তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী#1:9 ইয়াৰ অৰ্থ, “মোৰ লোক নহয়” ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।”
ইস্রায়েলৰ পুণঃ প্রতিষ্ঠা
10তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।” 11যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ#1:11 ঈশ্বৰে লোকসকলৰ কাৰণে পুনৰ পৰিকল্পনা কৰিলে। হ’ব।

Currently Selected:

হোচ 1: IRVAsm

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in