YouVersion Logo
Search Icon

দ্বি.বি. 18

18
18 অধ্যায়
পুৰোহিত আৰু লেবীসকলৰ বাবে ব্যৱস্থা
1লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগবঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব। 2ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।
3লোকসকলে যিবোৰ গৰু-ছাগলী বা মেৰ-ছাগ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিতসকলে পাবলগীয়া ভাগ। 4আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেৰ-ছাগৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব। 5কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
6সমগ্র ইস্ৰায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়, 7তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব। 8সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব।
যিহোৱাৰ ঘিণলগীয়া কার্য
9আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব। 10আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে, 11যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে। 12এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। 13আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
যিহোৱাৰ ভাৱবাদী
14আপোনালোকে যি জাতিবোৰক উদ্ধাস্তু কৰি ভূমি অধিকাৰ কৰিব, তেওঁলোকে মায়াবিদ্যা আৰু মঙ্গল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু আপোনালোকক হ’লে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।
15আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ মাজৰ ভাইসকলৰ এজনক আপোনালোকৰ কাৰণে মোৰ নিচিনা এজন ভাববাদীক উৎপন্ন কৰিব। আপোনালোকে তেওঁৰ কথামতে চলিব লাগিব। 16হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিল। আপোনালোকে এইবুলি প্রার্থনা কৰিছিল, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিব বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিব; সেয়ে হ’লে আমি মৰি যাম।”
17যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে। 18মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব। 19সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।
20কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
মিছা ভাববাদী
21“কোনো কথাত আপোনালোকে হয়তো মনতে ভাৱিব পাৰে, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’
22কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in