যিহোৱাই ঘিণ কৰা বিষয় ছয়টা,
সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা,
নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
বেয়া পৰিকল্পনা কৰা হৃদয়,
বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
মিছা কথা ব্যক্ত কৰা সাক্ষী,
আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।