সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।” এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।