সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল। তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে