1
লূক 17:19
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
Compare
Explore লূক 17:19
2
লূক 17:4
তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
Explore লূক 17:4
3
লূক 17:15-16
তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল; আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
Explore লূক 17:15-16
4
লূক 17:3
তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
Explore লূক 17:3
5
লূক 17:17
ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
Explore লূক 17:17
6
লূক 17:6
তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
Explore লূক 17:6
7
লূক 17:33
যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
Explore লূক 17:33
8
লূক 17:1-2
যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ। সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
Explore লূক 17:1-2
9
লূক 17:26-27
নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব। নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
Explore লূক 17:26-27
Home
Bible
Plans
Videos