পাছত গিলিয়দীয়াসকলে ইফ্ৰয়িমৰ মানুহৰ আগেয়ে গৈ যৰ্দ্দনৰ পাৰ-ঘাটবোৰ দখল কৰি ল’লে; তাতে ইফ্ৰয়িমৰ পলাই যোৱা কোনো মানুহে যদি কয়, “আমক নদী পাৰ হ’বলৈ দিয়া”, তেতিয়া গিলিয়দৰ মানুহে তেওঁলোকক সোধে, ‘তুমি জানো ইফ্ৰয়িমীয়া মানুহ নোহোৱা?’ আৰু তেওঁ যদি কয় “নহয়”, তেতিয়া তেওঁলোকে কয়, ‘এবাৰ “শ্যিব্বোলেৎ” কোৱাচোন’; তেতিয়া ইফ্রয়িমৰ লোকসকলে শুদ্ধৰূপে উচ্চাৰণ কৰিব নোৱাৰি “চিব্বোলেৎ” বুলি ক’লেই, তেওঁলোকে ধৰি যৰ্দ্দনৰ পাৰৰ ঘাটত বধ কৰে। সেই সময়ত ইফ্ৰয়িমৰ বিয়াল্লিশ হাজাৰ লোকক হত্যা কৰা হ’ল।