বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।” সূর্য, চন্দ্র আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেয়েই, বৰষুণৰ পাছতেই পুনৰায় ক’লা ডাঁৱৰ অহাৰ আগেয়েই তুমি সৃষ্টিকর্তাক সোৱঁৰা।