ইস্ৰায়েলৰ ঈশ্বৰে ক’লে,
‘ইস্ৰায়েলৰ শিলাই মোক ক’লে,
লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে,
যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
তেওঁ সূৰ্য উদয় হোৱা কালৰ সেই প্ৰভাতৰ দীপ্তিস্বৰূপ,
মেঘ নথকা প্ৰভাত সদৃশ,
যেতিয়া পৃথিৱীত তৃণ গজে,
বৰষুণৰ পাছত সূৰ্যৰ কিৰণৰ দ্বাৰাই।