দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে। কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”