1
2 ৰাজা 2:9
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
Compare
Explore 2 ৰাজা 2:9
2
2 ৰাজা 2:11
তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
Explore 2 ৰাজা 2:11
3
2 ৰাজা 2:10
এলিয়াই ক’লে, “তুমি এক জটিল বিষয় বিচাৰিলা। তথাপিও তোমাৰ ওচৰৰ পৰা মোক লৈ যোৱাৰ সময়ত যদি তুমি মোক দেখা পোৱা, তেন্তে তুমি তাক পাবা; যদি দেখা নোপোৱা, তেন্তে নাপাবা।”
Explore 2 ৰাজা 2:10
4
2 ৰাজা 2:14
এলিয়াৰ গাৰ পৰা পৰি যোৱা সেই চাদৰখনেৰে তেওঁ পানীত আঘাত কৰি ক’লে, “এলিয়াৰ ঈশ্বৰ যিহোৱা ক’ত?” যেতিয়া তেওঁ পানীত আঘাত কৰিলে, তেতিয়া পানী দুয়োকাষে দুভাগ হ’ল আৰু ইলীচা পাৰ হৈ গ’ল।
Explore 2 ৰাজা 2:14
5
2 ৰাজা 2:12
ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
Explore 2 ৰাজা 2:12
6
2 ৰাজা 2:8
এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।
Explore 2 ৰাজা 2:8
7
2 ৰাজা 2:1
যিহোৱাই যেতিয়া এলিয়াক ঘূর্ণিবতাহৰ দ্বাৰাই স্বৰ্গলৈ তুলি নিব বিচাৰিছিল, তেতিয়া এলিয়া আৰু ইলীচাই গিলগলৰ পৰা ওলাই গৈছিল।
Explore 2 ৰাজা 2:1
Home
Bible
Plans
Videos