তুমি যদি তোমাৰ পিতৃ দায়ূদৰ দৰে একান্ত মনে সৰল ভাৱে মোৰ সাক্ষাতে চলা, আৰু মই তোমাক দিয়া সকলো আজ্ঞা পালন কৰা, মোৰ বিধি আৰু শাসন প্ৰনালীবোৰ মানি চলা, তেতিয়া মই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম; যেনেদৰে মই তোমাৰ পিতৃ দায়ুদৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলোঁ বোলে, ‘ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ বংশৰ মানুহৰ কেতিয়াও অভাৱ নহ’ব৷’